হে মহিয়সী তোমাক পৃথিৱীলৈ স্বাগতম – কল্পনা দৈমাৰী

অবিশ্ৰান্ত অপেক্ষাৰ অন্তত নাছাৰ উপকুলীয়
পৰিৱেশ আজি অতি আনন্দমুখৰ !
কিয়নো বিশ্ববাসীৰে স্বাসৰুদ্ধ কৰা
ভাৰতীয় মহাকাশচাৰী
কমাণ্ডাৰ সুনীতা উইলিয়ামছৰ
আজি পৃথিৱীলৈ আগমণ !
হে মহিয়সী
তোমাক জনাও আন্তৰিকতাৰে স্বাগতম
ঈশ্বৰৰ আশীৰ্বাদ বা জনতাৰ আশীৰ্বাদ
সকলো কাল্পনিক, অতীতৰ অন্ধবিশ্বাসক উপেক্ষা কৰি
গভীৰ আত্মপ্ৰত্যয় আৰু বিজ্ঞানী সকলৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ অন্তত তুমি আজি পৃথিৱীৰ বুকুলৈ ধাৱমান !
অপৰিসীম ধৈৰ্য্য , অক্লান্ত সাধনা আৰু পৰিশ্ৰমেৰে
বিভিন্ন অনুজীৱ, বীজাণু, আনুবংশিক গতিবিধি
জীৱৰ প্ৰতিৰোধ ক্ষমতা আদিৰ ওপৰত
গৱেষণা কৰি বিজ্ঞানৰ আস্থা আৰু
প্ৰমূল্যবোধৰ এক বিস্ময়কৰ
যাত্ৰাৰ সাধনা অন্নেষণ কৰিলা !
মহাকাশৰ বিভিন্ন অনু পৰমানু, জৈৱ অজৈৱ পদাৰ্থৰ
লগত অভিন্নহৈ থকাৰ অভিজ্ঞতাবোৰ
ভৱিষ্যতে সকলোৰে অভাৱ অনুভৱ কৰিবা নিশ্চয় !
মহাকাশৰ বুকুত যি উল্লেখনীয় অৱদান আগবঢ়ালা
অযুত সাহসিকতাৰে নি:স্বাৰ্থ প্ৰেম আৰু আত্মপ্ৰত্যয়ৰে
জীৱনৰ অৰ্ঘ্য জ্ঞাপন কৰা ব্যক্তিত্ব আৰু
অনন্ত প্ৰতিভাৰ অধিকাৰীহৈ বিশ্বৰ বুকুত
চিৰস্মৰণীয়হৈ ৰ’বা
তোমাৰ এই কৃতিত্ব অনন্য !
তোমাৰ গৌৰৱেৰে ৰঞ্জিত স্বদেশ বিদেশ
জয় হওঁক তোমাৰ প্ৰজ্ঞাৰ
জয় হওঁক তোমাৰ আস্থাৰ !
প্ৰিয় সুনীতা উইলিয়াম ,
তোমালৈ অধীৰ আগ্ৰহেৰে অপেক্ষাৰত
পৃথিৱীবাসী ।

কল্পনা দৈমাৰী
৫/১২/২৪

Leave a Reply

Your email address will not be published. Required fields are marked *

52  ⁄    =  13