’এক্সপায়াৰি ডেট’ৰ আগতেই বস্তু এটাৰ
ব্যৱহাৰ -এশ শতাংশই,
ঠিক কিনা হাঁহৰ ঠোঁটোলৈকে মাংস খোৱাৰ দৰেই,
সেয়াই নিশ্চয় উত্তম আৰু বুদ্ধিমানৰ কাম!
আমাৰ নিজৰো থাকে এটা ‘এক্সপায়াৰি ডেট’!
পিছে, প্ৰতিটো মুহূৰ্ত- সময়ৰ কেলেন্ডাৰৰ!
জানিও পাহৰি থাকোঁ তাক!
অথচ, চামুৰাই*ৰ কথা কলেই আমাৰ ভয়ত তিনি জাপ,
কোনেও নুখুজে হ’বলৈ এটা চামুৰাই-
মৃত্যু ভয়ত!
কিন্তু তথাপিও নাহে জানো মৃত্যু
খুব সন্তৰ্পনে- জীৱনক জানিবলৈ বা বুজিবলৈ ?
চাবা, পাহৰি নেযাবা ভাবিবলৈ-
জীৱন যেন হেৰাই নেযায় -তাৰ শেষ উশাহটোত!
* চামুৰাই ( Samurai) : প্ৰাক্-আধুনিক সময়ৰ জাপানৰ এক শ্ৰেণীৰ যোদ্ধা । কবিতাাটোত জীৱনৰ প্ৰতিটো পল চামুৰাইৰ দৰে যুঁজি যোৱাৰ কথাকে কোৱা হৈছে!