এন্ধাৰঃড০ প্ৰীতিশ চৌধুৰী

এন্ধাৰ বেয়া পোৱা মানুহ আমি,
হাহাকাৰ— পোহৰ বিচাৰি!
পাহৰিলোঁ ভাল  পাবলৈ
সঁচাকৈয়ে এন্ধাৰক  আমি!

ঘনঘোৰ অন্ধকাৰৰ অমাৱশ্যাৰ এটা নিশা
নিৰ্জন কোনো হাবিৰ দাঁতিত থিয় হলেই দেখিবা-
পৰিব্যাপ্ত  দশোদিশে কেনেদৰে
কেৱল এন্ধাৰৰ মেলা!

সেয়াই পৰম সত্য!

অনাদি অনন্ত মহকাল জুৰি
ডুবি আছোঁ এন্ধাৰতেই,
তুমি, মই, পৃথিৱী,
এনেকি সমগ্ৰ মহাবিশ্বখনি!

নাই কোনো উৎস এন্ধাৰৰ!

এন্ধাৰ, তুমি মহা-পৰাক্ৰমী, সৰ্ব-শক্তিমান!

প্ৰণামো তোমাক…..

Leave a Reply

Your email address will not be published. Required fields are marked *

5  ×    =  10