এন্ধাৰ বেয়া পোৱা মানুহ আমি,
হাহাকাৰ— পোহৰ বিচাৰি!
পাহৰিলোঁ ভাল পাবলৈ
সঁচাকৈয়ে এন্ধাৰক আমি!
ঘনঘোৰ অন্ধকাৰৰ অমাৱশ্যাৰ এটা নিশা
নিৰ্জন কোনো হাবিৰ দাঁতিত থিয় হলেই দেখিবা-
পৰিব্যাপ্ত দশোদিশে কেনেদৰে
কেৱল এন্ধাৰৰ মেলা!
সেয়াই পৰম সত্য!
অনাদি অনন্ত মহকাল জুৰি
ডুবি আছোঁ এন্ধাৰতেই,
তুমি, মই, পৃথিৱী,
এনেকি সমগ্ৰ মহাবিশ্বখনি!
নাই কোনো উৎস এন্ধাৰৰ!
এন্ধাৰ, তুমি মহা-পৰাক্ৰমী, সৰ্ব-শক্তিমান!
প্ৰণামো তোমাক…..