নৰক – ড০ প্ৰীতিশ চৌধুৰী

‘নৰক’ শব্দটো শুনিলে তাৰ অস্তিত্ব নাই বুলিয়েই
ধৰি লওঁ,
পৰলোকৰ কথা!
বোঁৱাই  থাকোঁ – অপকৰ্মৰেই
প্ৰশান্তিৰ নিজৰা –
‘মেৰিয়ানা ট্ৰেন্স’* লৈকে হৃদয় সাগৰৰ!

কি যে  অপচেষ্টা আমাৰ
পাহৰি থাকিবলৈ  বাস্তৱতাক-
‘কৰ্মৰ ক্ৰিয়া, প্ৰতিক্ৰিয়া’!

ফাঁকি দিব নোৱাৰা মনটোৱে জানে-
কিদৰে সাৱটে  নীৰৱে এদিন
মহাবিশ্বৰ গতিৰ তৃতীয় সূত্ৰৰ দৰে-
নৰকৰ যন্ত্ৰণা অপকৰ্মৰ প্ৰতিক্ৰিয়াত
কলিজাৰ ধিপ্ ধিপ্  কালতেই তোমাৰ !!

আচলতে, সকলো ইয়াতেই, নৰকত পচিবলৈ (পৰোলকত?) দ্বিতীয় এখন নৰক নাই!

* মেৰিয়ানা ট্ৰেন্স ( Mariana trench ) : প্ৰশান্ত মহাসাগৰৰ বুকুৰ গভীৰতম  অঞ্চলত থকা এটা খাদ

Leave a Reply

Your email address will not be published. Required fields are marked *

45  −  38  =