স্তব্ধ বসন্ত

বৈধব্যৰ শুদ্ধিকৰণ মন্ত্ৰ থকাহেঁতেন

শ্যামলী ওৰণিৰ উম লৈ

আকৌ এবাৰ শিহৰিত হ’লহেঁতেন

ভাগ্যৰেখাৰ স্তব্ধ হৃদপিণ্ড!

ৰুক্ষ শিলৰ হেঁচাত

সেপধুকি থকা তগৰ-মালতীয়ে

ফাগুনক মেৰিয়াই সাঁতুৰিলেহেঁতেন

হেঁপেহুৱা অনুভৱৰ উমাল বক্ষত,

স্বপ্নীল ৰূপালী মুকুতাই

উটুৱাই নিলেহেঁতেন

ফেঁকুৰি-উচুপি ভাগৰি পৰা ওঁঠৰ

গাঢ় ছাইৰঙী আভৰণ৷

নঙলাৰ আগেদি পাৰ হৈ যোৱা

শিশুজাকৰ হাই-উৰুমিত

পুনৰ সাৰ পায়

বেলিৰ স’তে ডুব যোৱা দুখুনীৰ বসন্ত…

শাঁখা ভঙা কৰ্কশ শৱদত

সন্ত্ৰস্ত জীৱন, কাৰাৰুদ্ধ যৌৱনৰ বিমূৰ্ত ক্ষণ!

গৌতম মালাকাৰ ,কৰিমগঞ্জ

http://storytoday.incategory/poem/

 

Leave a Reply

Your email address will not be published. Required fields are marked *

57  ⁄    =  19