গীত: ঐ নিলাজ পাহাৰ
কথা, কন্ঠ: ডঃ ভূপেন হাজৰিকা
সুৰ: জয়ন্ত হাজৰিকা
বোলছবি: বনৰীয়া ফুল
সংগীত: জয়ন্ত হাজৰিকা
ঐ নিলাজ পাহাৰ
ঐ শুকান পাহাৰ
মৰম বিহীন হৈ মৰ্
মৰ্ লাজতেই মৰ্
বিচাৰিলি কি পালি তই কি
সপোন দেখিছিলি
জিৰ জিৰ জিৰ জিৰকৈ নিজৰা ব’ব
তোৰ মৰমেৰে আকোৱালি নিজৰা ব’ব
তাইক পাই তোৰ বুকুখন ৰসাল হ’ব
একো নেপালিহে
ভাঙিলনে তোৰ অহংকাৰ
এ শুকান পাহাৰ
ঐ নিলাজ পাহাৰ
বিচাৰিলি কি পালি তই
বহু ভাবিছিলি
তোৰ বুকুত আছিল হেনো
ৰূপ ৰূপালী
হোনো কলিজা খান্দিলে পাই
সোণ সোণালী
আজি সোণ খান্দি নিব
তই ৰূপো হেৰুৱালি
বালিচন্দা মাথো তই বুটলিবি
কি পালিহে
ভাঙিল নে তোৰ কামিহাড়
ঐ শুকান পাহাৰ
ঐ নিলাজ পাহাৰ
থুইই ….. ৷৷