তোমাৰ অবৰ্তমানত – কল্পনা দৈমাৰী

এই ধৰাৰ বুকু খুদা কৰি
শত সহস্ৰ জনৰ হৃদয় বিদাৰি
সাগৰ বিচাৰি চিৰনিদ্ৰাত শুই পৰিলা
তুমি লুইতকণ্ঠ ।
হে প্ৰাণৰ শিল্পী
অসম গৌৰৱ ।
চিৰ জ্যোতিষ্মান
জ্ঞানৰ প্ৰতীক
তোমাৰ অবৰ্তমানত
আজি চৌদিশ অন্ধকাৰ !
আমাৰ আশাবোৰক শ্বাসৰুদ্ধ কৰা
নিস্তেজ হৃদয়ৰ তেজপিয়াবোৰক
প্ৰতিশ্ৰুতিৰ ফাঁচিকাঠত
ওলমোৱাৰ দায়িত্ব আমাৰ ।
ন্যায়ৰ উত্তাল তৰঙ্গই
বিস্ফুৰিত হৈ
জোকাৰি গৈছে সৰ্বত্ৰে
প্ৰতিবাদ বহ্নিমান শিখাহৈ বিয়পিছে
আকাশে -বতাহে ——-
ক্ষোভিত জনতাৰ বিক্ষোভ
হৃদয় স্তব্ধহৈ উজাৰিছে
মায়াবিনীৰ ঐকতান !
হে সুৰ সম্ৰাট , শতিকা যুৰি বৰ্তি থকা
এক বৃহৎ অনুষ্ঠান ।
হৰ্ষ, বিষাদ, আনন্দ উল্লাসৰ যাদুৰে
সৃষ্টি কৰিব পাৰা প্ৰেমৰ অমৃত নদী
গীতৰ ছন্দে ছন্দে, প্ৰাণে প্ৰাণে
আকুলিত পৃথিৱী !
সেই সুৰ সাগৰ আজি নিস্প্ৰভ
অশ্ৰু সেমেকি গ’ল সকলোৰে !
হেৰাই গ’ল———-
এক অপ্ৰতিদ্বন্দ্বী, নিৰ্ভীক দূৰ্জেয় বীৰৰ
আধ্যাত্মিক ধ্যান-ধাৰনা,
অন্যায়ৰ হকে স্পষ্টবাদিতাৰে
উন্মেষ কৰিব পৰা তুমি এক
অজেয় বীৰ !
আকাশ স্পৰ্শ কৰিব পৰা তুমি এক কিংবদন্তি যোদ্ধা
দুখীয়া-নিছলা , আৰ্তজনৰ বিপদৰ বন্ধু তুমি ।
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গঢ়ি গ’লা
সংস্কৃতিৰ সমন্বয়েৰে বৰ অসমীয়া জাতি
হে বিশ্বমানৰ শিল্পী ——
অনন্তকাললৈ অক্ষুণ্ণ ৰাখিম
তোমাৰেই গুণ-গৰিমাৰ !
তোমাৰেই জয়গান শিৰত তুলিলৈ
সশ্ৰদ্ধ প্ৰণামেৰে
যাচিলো অৰ্ঘ্য ,
চিৰশান্তি লাভ কৰক তোমাৰ আত্মাৰ
জন্ম হওক পুনৰ তোমাৰ পূণ্যাত্মাৰ !!
°°°°°°°°°°°°°°°°°°°°°°°°

কবি :কল্পনা দৈমাৰী
কাহিলিপাৰা, গুৱাহাটী
৯৯৫৪৭১১১৪৬

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  88  =  98