দৰ্শন আৰু বিজ্ঞান এই দুই বিষয়ৰ মাজৰ প্ৰধান পাৰ্থক্য কি আৰু কেনেদৰে আমি তাক সুস্পষ্ট কৰিম বাৰু? যদি এই প্ৰশ্নটো আমাৰ মাজত আজিহে উদয় হৈছে তেনে’হলে ই এক অপ্ৰয়োজনীয় প্ৰশ্ন নহয়নে বাৰু! কাৰণ অত বছৰে সেয়া নজনাকৈয়ে আমাৰ জীৱন সুন্দৰভাৱে পৰিচালিত হৈ আহিছে! কিন্তু সঁচাকৈয়ে জীৱন সুন্দৰ হৈ আছেনে আজিৰ দিনত?এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে নিজাকৈ ঠাৱৰ কৰি লওঁক।সঁচা কথা ক’বলৈ গ’লে এই মুহূৰ্তত এইটো প্ৰশ্নৰ উত্তৰো এতিয়া ধূসৰ হৈ গ’ল চাগে..!! এয়াই দৰ্শন আৰু বিজ্ঞানৰ মাজৰ পাৰ্থক্য।পঢ়ুৱৈ সকলৰ খং উঠি যোৱা নাইটো আমাৰ ওপৰত?
অভিজ্ঞতাৰ লগত জড়িত অদৃশ্য সংযোগ বা নিৰ্দেশনাৰ অধ্যয়ণেই দৰ্শন ,যিয়ে এই বিষয়টোক বিজ্ঞানৰ পৰা সুকীয়া ৰূপত প্ৰতিভাত কৰিছে।আনহাতে চেতনালব্ধ জ্ঞান বা অভিজ্ঞতাৰ ওপৰতহে বিজ্ঞান প্ৰতিষ্ঠিত, যাক বৌদ্ধিক বিশ্লেষণৰ দ্বাৰা প্ৰতিপাদন কৰি সিদ্ধান্ত লোৱা হয়।ইয়াৰ বাহিৰত বিজ্ঞানে এখোজো লৰচৰ নকৰে।কিন্তু দৰ্শন কেৱল সেই বিশেষ অভিজ্ঞতাৰ অধ্যয়নতে আৱদ্ধ নহয়।জীৱজগতৰ প্ৰত্যক্ষ অভিজ্ঞতাই ঢুকি নোপোৱা অটল গহ্বৰত অনাদৃত আৰু অদৃশ্য হৈ থকা সেই বিশেষ সংযোগ আৰু নিৰ্দেশনাৰ পাঠোদ্ধাৰৰ বাবে কৰা অধ্যয়নেই হৈছে দৰ্শন।ইংৰাজীত এষাৰি কথা আছে,” reading between the lines”. সাধাৰণ ভাৱে কবলৈ গ’লে আমি যদি কেৱলমাত্ৰ শাৰীবিলাক পঢ়ি যাওঁ সেয়াই বিজ্ঞান। আৰু এই শাৰীৰ অৱস্থিতি,তাৰ মাজৰ শূন্যতা,প্ৰয়োজনীয়তাকে আদি কৰি শাৰীবিলাক আমাৰ বাবে স্পষ্টভাৱে দৃশ্যমান হৈ উঠাকৈ বুজাব পৰাকৈ কৰা অধ্যয়নশীলতাই কোনো এজনক দাৰ্শনিক কৰি তোলে।এয়াই বিজ্ঞান আৰু দৰ্শনৰ মাজৰ প্ৰধান অন্তৰাল।এতিয়া আহোঁ সেই প্ৰশ্নটোলৈ যিয়ে আমাক জানিবলৈ দিব যে আমাৰ সাম্প্ৰতিক ঘটনাৱলীক লৈ আমি সন্তুষ্ট অথবা সুখী হয়নে নহয়!প্ৰথম কথা হয় যদি কিদৰে আৰু নহয় যদি কিয়। দ্বিতীয়তে আমি হয় বুলি ভবাখিনিত ভুল ক’ত আৰু সঁচাকৈ সকলোৱে বিচৰা ধৰণে সুখী হ’বলৈ হ’লে কি পন্থাৰ অৱলম্বন কৰিম।বিজ্ঞান নে দৰ্শন?নে আৰু আন কিবা পথ আছে জীৱন সুগম আৰু বোধগম্য হোৱাৰ! কাৰ মনত কি উত্তৰে বিৰাজ কৰিছে এবাৰ আটায়ে মগজু প্ৰক্ষালন কৰি চাবচোন। This is called The Art of Understanding.