গাহৰিৰ মাংসৰ লগত টেঙামৰাৰ পাত আৰু ভোটজলকীয়া

গাহৰিৰ মাংসৰ লগত টেঙামৰাৰ পাত আৰু ভোটজলকীয়া

–উপকৰণ–

-গাহৰিৰ মাংস ৫০০গ্ৰাম

-পিয়াজ ১টা (ডাঙৰ)

-আদা বটা ১চামুচ

-নহৰু বটা ১চামুচ

-টেঙামৰাৰ পাত ১মুঠি

-ভোটজলকীয়া স্বাদ অনসৰি

-নিমখ, হালধি স্বাদ অনসৰি

–প্ৰণালী–

প্ৰথমে মাংসখিনি আধা সিজাই পানী পেলাই নমাই থওক| এইবাৰ কেৰাহীত ২চামুচ মান তেল গৰম কৰি প্ৰথমে পিয়াজ খিনি ভাজি লৈ এইবাৰ মাংসখিনি ভাজিব লাগে লগতে পৰিমান অনুযায়ী নিমখ, হালধি দি ধাকি অলপ সিজিব দিয়ক| এইবাৰ আদাবটা, নহৰু বটা খিনি দি তাৰ কেচা গন্ধ যোবালৈকে ভাজক| এইবাৰ টেঙামৰাৰ পাত আৰু ভোটজলকীয়া টো দি সকলো খিনি ভালকৈ মিহলাই অলপ সময় ভাজি নিজৰ জোখমতে পানী দি অলপ উতলিব দিয়ক | নমোব়াৰ আগতে ধনীয়া পাত দুটামান দি ভাতৰ লগত পৰিবেশন কৰক|

👨‍🍳 চয়নিকা হাজৰিকা

More Recipe 

Leave a Reply

Your email address will not be published. Required fields are marked *

4  ×  3  =