আশাৰ ৰেঙণি -Assamese Modern Poem

কিয় আজি এই বিষাদৰ  দিন
নতুন বছৰৰ নতুন ঠাইত
ভাবিছিলো এসাঁজ বনভোজ  খাম বুলি ,
কিন্তু বিটি এডিৰ এই অশান্ত ময় পৰিৱেশ
বোমা-বাৰুদ আৰু নৃশংস হত্যাই
নতুন বছৰৰ নতুন আশাত যেন ছায়া পেলালে
হেৰাই যোৱা  কণ কন অকণিৰ মুখত
আশাৰ ৰেঙণি , যেন আহিছিল এক
নতুন আশাৰ  বাতৰি
মৌনতাৰ বুকুত যেন সাঁচি থলোহেতেন
হৃদয়ত  যেন এতিয়া প্ৰবল ধুমুহাৰ গাজনি
তাৰ উপৰিও প্ৰশাসনৰ যি মৌনতা
কোনে বুজিব কাক বুজাম তাকে
ভাবি  খাইছো  হাবাথুৰি
মোৰ নিঠৰুৱা হৃদয়ে
আজিওশান্তিৰ আশাত
লাগাইছো এগছি চাকি
তথাপিতো বিৰাজ কৰিবনে
বিটি এডিত শান্তি ।      
 —-অশ্বিনী  বেজবৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *

2  ×  3  =