Lyrics মায়াবিনী ৰাতিৰ বুকুত

Lyrics মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut)
Movie Name:দাগ
কণ্ঠদান : জুবিন গাৰ্গ
কথা আৰু সংগীত পৰিচালনা : জুবিন গাৰ্গ
Year: 2001

মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা, ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।

প্ৰতি শৰতৰ প্ৰভাতি ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।

দুচকুলে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা।।

Leave a Reply

Your email address will not be published. Required fields are marked *

16  ⁄    =  16