জগতৰ পৰা পৰাজয় মুখি
যত কোনেও নুখুধে একো প্রশ্ন,
তাতে আছে স্বৰ্গৰ পৰা নামি অহা
মৰম চেনেহৰে ভৰা বন্ধুত্ব।
মৰমৰ অভাৱ কেনেকুৱা সুধিব তাক
যাৰ নাই কোনো প্ৰকৃত হৃদয়,
লগৰৰ অভাৱ কেনেকুৱা সুধিব তাক
যাৰ নাই কোনো জীয়াই থকাৰ বিষয়।
সপোনৰ সাগৰত ঢৌ তুলি দিয়া
সেয়া যে শক্তি লগৰৰ,
জীৱনৰ চক্ৰ আকৌ চলাই দিয়া
সেয়া যে শক্তি লগৰৰ।
কাগজ – কলমৰে বুজাব পৰা
সিমান যে মোৰ সামর্থ্য নাই,
তেওঁলোকৰ ধাৰ গুজিব পৰা
তিমান যে মোৰ সম্পদ নাই।।
Tinanku Pathak
Class X
Don Bosco Higher Secondary School, Tezpur