ৰ’দালিৰ ভাঁজে ভাঁজে
ভাঙি পৰে শব্দৰ তন্ময়
সৰি পৰে স্বপ্নৰ পাপৰি
ছায়াৰ দৰে সপোনৰ কৌতূহল
মোৰ বুকুত কিয় জ্বলে
মোৰ অনুভৱত প্ৰেমৰ গুণগুণ
স্বপ্নৰ উদ্যান মোৰ এই শব্দবোৰত
বৈ অহা এই শব্দবোৰত
দেখিছো মই সোণালী হাঁহি
আকাশ উখল মাখল
চলিছে উত্সৱ
কঁহুৱা কোমল অপাৰ বিস্ময়
মোৰ দুখ, মোৰ আনন্দ
মোৰ বুকুৰ ভিতৰে-বাহিৰে
এটি ঘনিষ্ঠ উত্তাপ
বৈ আহে এই শব্দবোৰত
উৰণীয়া চৰাইৰ দৰে
নিজানে মেলি ধৰে
এটি সোণালী হাঁহি তোমাৰ মুখৰ ।।
— Kamal Das