চাৰিচুকীয়া কাঠৰ ফ্ৰেমটোৰ সিপাৰে
প্ৰাণোচ্ছল পৃথিৱী,
তাৰ মাজেৰে মোৰ বুকুলৈও নামে
আকাশৰ এমুঠি নীলা,
সানি লওঁ মোৰ প্ৰাণত
বিৰিখৰ সেউজ ভালপোৱা।
ফ্ৰেমৰ মাজত শুভ্ৰ কাঁচৰ দাপোণ,
ৰ’দালি সোমাই আহে, খিলখিলাই হাঁহে।
ফ্ৰেমৰ সিপাৰৰ পৃথিৱীত
এটোপ দুটোপ মুকুতা সৰে,
তাৰ শিহৰণে বুকুত লিখে
সেউজীয়া কবিতা।
ছন্দময় হৃদয়ত বাকি দিওঁ
এপিয়লা অনুভৱৰ মদিৰা।
মোৰ বুকুতো সাজি লৈছো
আটোমটোকাৰিকৈ, সযতনে
এখন কাঁচৰ খিড়িকী।
তাৰ মাজেৰে কেতিয়াবা আহে সুখৰ ৰ’দালি,
কেতিয়াবা এটি দুটি অলেখ সপোন জোনাকী,
নতুবা উজাগৰী নিশাবোৰ
বেদনাহত কৰি তোলা
দুখৰ উন্মাদ ধুমুহা এছাটি।
–জাহ্নৱী বৰা