জয় মা কামাখ্যা – কল্পনা দৈমাৰী

জগত জননী মা কামাখ্যা
হিন্দুধৰ্মৰ এক অপ্ৰতিদ্বন্দ্বী স্বৰূপিনী
মা ৰাজেশ্বৰীৰ পুজা !
নীলাচল পাহাৰৰ বুকু
আধ্যাত্মিকতাত বিলীন !
পাতিচে অম্বুবাচী মেলা !
পূৰ্বাঞ্ছল প্ৰহৰী মা কামেশ্বৰী
ভগৱতী দেৱী নমস্তুুতে !
ঐতিহ্যমণ্ডিত দেৱী মা কামাখ্যা
তোমাৰেই দুৱাৰ দলিত
সাধু সন্ত ঋষি মুনি তপস্বীৰ
ধ্যান ধাৰণা আৰু সাধনাত লিপ্ত ।
লাখ লাখ ভক্তগণৰ পদধুলিৰে
উদুলি-মুদুলি মাৰ পদুলি !
বিশ্বাস আৰু আস্থাত বিলীন
তোমাৰে আশীষ বিচাৰি
আহিছে কতনা বাধাৰ প্ৰাচীৰ ভাঙি !
স্বৰ্গপুৰী যেন মাৰ তীৰ্থস্থান
আজি ভক্তি মুক্তি আৰু প্ৰাপ্তিত
বিভোৰ তোমাৰেই সন্তান ।
ভক্তৰ প্ৰাণৰ আহুতি
অশ্ৰু অঞ্জলীৰে কৰিছো প্ৰাৰ্থনা
তোমাৰেই স্তুতিত আই লভিম সান্তনা
দিয়া আশীষ আই তোমাৰেই সন্তানক
শান্তি প্ৰগতি আৰু সম্প্ৰতিৰ একাত্মতাৰে
হৈ ৰওক চিৰস্মৰণীয় পূণ্যতীৰ্থ অসম
একাৱন্নটি শক্তিপীঠৰ ভিতৰত
অন্যতম তীৰ্থস্থান !
জয় মা কামাখ্যা
জয় মা কামাখ্যা
জয় মা কামাখ্যা

কল্পনা দৈমাৰী
গুৱাহাটী

Leave a Reply

Your email address will not be published. Required fields are marked *

57  −  54  =