হয়তো আমি সকলোৱে বিটকইনৰ (Bitcoin) বিষয়ে কিছুকথা শুনিছোঁ বা হয়তো কিছুসংখ্যকে এইবিষয়ে অৱগত নহয়৷ বিটকইন হৈছে বিশ্বৰ প্ৰথমটো ডিজিটেল মুদ্ৰা যাৰ কোনো নিৰ্দিষ্ট নিয়ন্ত্ৰক বা প্ৰশাসক নাই।
২০০৮ চনত বিশ্বত যেতিয়া গোলকীয় মন্দাৱস্থাৰ সৃষ্টি হৈছিল, যিখিনি সময়ত আমেৰিকাৰ লেহমেন ব্রাডাৰ্চৰ দৰে ডাঙৰ বেংকো দেউলিয়া হৈ গৈছিল, ঠিক তেনেকুৱা সময়তে বিশ্বৰ এই প্ৰথমটো ডিজিটেল মুদ্ৰাৰ জন্ম হয়।
২০০৮ চনত চতোষি নমাকাটো নামৰ এজন অজ্ঞাত ব্যক্তিয়ে তৃতীয় পক্ষৰ (যেনে বেংক, বিত্তীয় প্ৰতিষ্ঠান বা চৰকাৰৰ) সহায় নোলোৱাকৈ ইণ্টাৰনেটত এটা পেপাৰ প্ৰকাশ কৰি এই মুদ্ৰাৰ প্ৰচলন সম্পূৰ্ণ বিকেন্দ্ৰীকৃত (Decentralization) ভাৱে আৰম্ভ কৰে। ২০০৮ চনত শূন্য টকা প্ৰতি মুদ্ৰাৰ মূল্যেৰে আৰম্ভ কৰি, ২০১১ চনত প্ৰায় ৬৫ টকা প্ৰতি মুদ্ৰা আৰু ২০২১ চনৰ এপ্ৰিল মাহত ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৫৫ লাখ প্ৰতি মুদ্ৰা মূল্য চুইছিলগৈ। ধৰি লওক, আপুনি ২০০৯ চনত ১ টকাৰে ১০০ টা বিটকইন কিনি থৈছিল আৰু আৰু সেই মূল্য এপ্ৰিল, ২০২১ চনত বৃদ্ধি হৈ ৫৫ কোটি টকা পাইছিলগৈ।
বিটকইনৰ জন্মৰ পিছৰ পৰা এনেধৰণৰ ৫০০০ তকৈও অধিক ক্ৰিপ্টোকাৰেঞ্চি এতিয়া ইণ্টাৰনেটত উপলব্ধ। যেনে লাইটকয়ন, ইথেৰিয়াম, ৰিপল, ডগ, মেটিক ইত্যাদি। ক্ৰিপ্টোকাৰেঞ্চিত লেনদেনৰ বাবে গুগুল ষ্টৰত বহু মোবাইল এপ উপলব্ধ (যেনে বিনাঞ্চ, ইউনোকইন, জেপপেয়, ৱাজীৰ এক্স ইত্যাদি) আৰু লেনদেনৰ প্ৰক্ৰিয়াবোৰ তেনেই সহজ। মোবাইলত পঞ্জীয়ন কৰিবৰ বাবে আপোনাৰ পান কাৰ্ড, আধাৰ, বেংকৰ তথ্য আৰু একপি ফটোৰ প্ৰয়োজন। মিউচুৱেল ফাণ্ড, শ্বেয়াৰ ইত্যাদিৰ দৰে ইয়াতো মূল্যৰ উত্থান পতন চলি থাকে। সেয়ে চালি জাৰি চাই মুদ্ৰা (Coin) ক্ৰয় কৰাটো উচিত। ভাৰতবৰ্ষত ক্ৰিপ্টোকাৰেঞ্চিৰ এতিয়াও বহুল ভাৱে প্ৰচলন আৰম্ভ হোৱা নাই যদিও কিছুমান দেশত এতিয়া বিটকইনৰ জৰিয়তে হোটেল, ৰেষ্টুৰেণ্ট ইত্যাদিত সীমিত ভাৱে লেনদেনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
বিটকইনৰ প্ৰথম বাণিজ্যিক লেনদেন হৈছিল ২০১০ চনৰ ২২ মে তাৰিখে। ১০,০০০ বিটকইনৰ বিনিময়ত দুটা পিজ্জা ক্ৰয় কৰি বিটকইন ফোৰামৰ ১৪৩ তম সদস্য লাসজেলো হানইয়েয ইতিহাসৰ সাক্ষী হৈ ৰ’ল। সেই সময়ত এটা পিজ্জাৰ দাম আছিল ২৫/৩০ ডলাৰ আৰু ১০,০০০ বিটকইনৰ মূল্য আছিল প্ৰায় ৪১ ডলাৰ। এই বাতৰিটো জনপ্রিয় হোৱাৰ আঁৰত পিজ্জা ক্ৰয়তকৈও আছিল ১০,০০০ বিটকইনৰ উৰ্দ্ধিত মূল্য। আজিৰ তাৰিখত ১০,০০০ বিটকইনৰ মূল্য প্ৰায় ৪৫০০ কোটি টকা। প্ৰথম বিটকইনৰ জৰিয়তে পিজ্জাৰ লেনদেনৰ পিছৰ পৰাই বিটকইনৰ সমৰ্থক সকলে প্ৰতি বছৰে ২২ মে তাৰিখে বিটকইন পিজ্জা দিৱস উদযাপন কৰি আহিছে।
টেছলাৰ (Tesla) স্বত্বাধিকাৰী এলন মাস্কৰ পৰা আৰম্ভ কৰি টুইটাৰৰ (Twitter) CEO জেক ডৰছে, মাইক টাইচন ইত্যাদি বিখ্যাত আৰু ধনী ব্যক্তিসকলেও বিটকইন বা অন্যান্য ক্ৰিপ্টোকাৰেঞ্চিত ইতিমধ্যেই বিনিয়োগ কৰি থৈছে। কিছুদিন আগতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ব্ৰেটলীয়ে ভাৰতক কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে সহায়ৰ হেতু এটা বিটকইন দান হিচাপে আগবঢ়াই, যাৰ ভাৰতীয় মূল্য আছিল প্ৰায় ৪০ লাখ টকা ।
ক্ৰিপ্টোকাৰেঞ্চিৰ ইতিবাচক দিশবোৰৰ ভিতৰত অন্যতম হ’ল – কোনোধৰণৰ তৃতীয় পক্ষৰ সহায় নোলোৱাকৈ আপুনি বিদেশত মিনিটৰ ভিতৰতে খুব কম মাচুল (Transaction fee) জমা দি লেনদেন কৰিব পাৰে।
ঋণাত্মক দিশবোৰ চালে যিহেতু ইয়াত তৃতীয় পক্ষৰ কোনো নিয়ন্ত্ৰণ নাথাকে সেয়ে ড্ৰাগছ, মাৰণাস্ত্ৰ ক্ৰয় -বিক্ৰয়ত ব্যৱহাৰ কৰাৰ তথ্য প্রকাশিত হৈছিল। আৰু এটা সমস্যা যে যিকোনো মানুহে কৌশলেৰে অন্য কোম্পানীৰ নামত ক্ৰিপ্টোকাৰেঞ্চি বজাৰত মুকলি কৰি আমাক প্ৰতাৰণা কৰিব পাৰে। অমিত ভৰদ্বাজ নামৰ ব্যক্তি এজনে বহু ভুৱা তথ্যৰে ২০০০ কোটি টকাৰ প্ৰবঞ্চনা কৰি বিদেশত পলাই গৈছিল। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত গোচৰ ৰুজু কৰে। কিন্তু প্ৰবঞ্চনা অকল ক্ৰীপ্টৰ ক্ষেত্ৰতে হয় তেনে নহয় শ্বেয়াৰ মাৰ্কেট, ভুৱা বেংক, অন্যান্য অনলাইন নিবেশৰ জৰিয়তেও কৰা দেখা পোৱা যায়। যদিও যিকোনো ক্ষেত্ৰতে বিনিয়োগৰ পূৰ্বে ভালদৰে তথ্য সংগ্ৰহ কৰি লোৱাটো অত্যন্তই প্ৰয়োজনীয়।
ক্ৰিপ্টোকাৰেঞ্চিক বহুতে সঞ্চয়ৰ মাধ্যম আৰু বহুতে বিদেশত মুদ্ৰা ট্ৰেন্সফাৰ কৰাৰ বাবে ব্যৱহাৰ কৰে আৰু সম্প্ৰতি ইয়াৰ বিনিয়োগকাৰী দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে। এক কথাত কবলৈ গ’লে বিটকইন লেনদেনৰ এক সহজ প্ৰক্ৰিয়া। বেংকসমূহে নিজৰ কিছুমান দুৰ্বলতাৰ বাবেই ইয়াৰ বিৰোধিতা কৰা পৰিলক্ষিত হয় । যিহেতু বেংক তথা চৰকাৰৰ বাবে ই এক প্ৰত্যাহ্বান আৰু কোনোধৰণৰ প্ৰশাসনিক নিয়ন্ত্ৰণ নথকা বাবে চৰকাৰে ইয়াৰ পৰা লাভাম্বিত হোৱা পৰিলক্ষিত হোৱা নাই।
২০১৮ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নির্দেশনাৰ জৰিয়তে বেংকসমূহক ক্ৰিপ্টোকাৰেঞ্চিৰ লগত কোনোধৰণৰ বিত্তীয় লেনদেন কৰাৰ পৰা বিৰত থাকিব কৈছিল যদিও কিছুমান বাতৰিত ক্ৰিপ্টোকাৰেঞ্চিক নিষিদ্ধ কৰা বুলি প্ৰচাৰ কৰা হৈছিল। সেয়া মুঠেও সত্য নাছিল। আচলতে ভাৰতে কেতিয়াও ক্ৰিপ্টোকাৰেঞ্চিক অবৈধ ঘোষণা কৰাই নাই। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰা নিৰ্দেশনাৱলীৰ বাবে সেইসময়ত বিনিয়োগকাৰীসকলে INR ৰ জৰিয়তে লেনদেন কৰিব পৰা নাছিল। সেয়েহে এই নিৰ্দেশনাৱলীৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হয়। ২০২০ চনৰ ৪ মাৰ্চত উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় প্ৰদান কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাৱলীক অমান্য আৰু মৌলিক অধিকাৰৰ উলংঘন আখ্যা দিয়াৰ ওপৰিও ক্ৰিপ্টোকাৰেঞ্চিৰ ওপৰত জাৰি কৰা সকলো নিষেধাজ্ঞা উঠাই লবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকক নিৰ্দেশ আৰু ইয়াক নিয়োগ তথা লেনদেনৰ বাবে বৈধ বুলি স্বীকৃতি প্ৰদান কৰিছে।
ক্ৰিপ্টোকাৰেঞ্চিৰ দৰে এটা ব্যৱসায়ে ভাৰতীয় ৰিজাৰ্ভ বেংকক উচ্চতম ন্যায়ালয়ত যুক্তি আৰু সঠিক তথ্যৰে পৰাভূত কৰাটোৱে ইয়াৰ বৈধতাক নিৰূপন কৰে। ভাৰতত এতিয়া বহুতো নতুন ক্ৰীপ্টৰ প্ৰৱেশ হৈছে। ইয়াৰ লগতে আৰু এটা আকৰ্ষনীয় কথা, যোৱাবছৰ কোভিড মহামাৰী তথা লকডাউনৰ সময়ত শ্বেয়াৰ মাৰ্কেট তথা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান বিধ্বস্ত হোৱাৰ সময়ত বহুতো ক্ৰিপ্টো ১০০ গুণতকৈয়ো অধিক বৃদ্ধি পাইছিল আৰু বিনিয়োগ কাৰী সকলে সাংঘাতিক লাভাম্বিত হবলৈ সক্ষম হৈছিল।
ক্ৰিপ্টোকাৰেঞ্চিক লৈ ভিন্ন দেশৰ ভিন্ন নীতি। বিশেষকৈ বিটকইনক কিছুমান দেশে বৈধ, কিছুমানে অবৈধ ঘোষণা কৰিছে যদিও ভাৰত চৰকাৰ নিৰপেক্ষ স্থিতিত আছে। ভাৰত চৰকাৰে ইয়াৰ ওপৰত এখন নতুন বিল সংসদত উত্থাপন কৰাৰ চিন্তা চৰ্চা কৰিছে। কিন্তু এই বিলখনত প্ৰকৃততে কি আছে সেয়া জানিব পৰা হোৱা নাই। ২০২০ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত ক্ৰিপ্টোকাৰেঞ্চিক লৈ ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে আৰু এটা ইতিবাচক ইংগিত দিয়া পৰিলক্ষিত হয়। বৰ্তমান বিশ্বৰ লগতে ভাৰতবর্ষতো ক্ৰিপ্টোকাৰেঞ্চিৰ প্ৰতি মানুহৰ গুৰুত্ব বৃদ্ধি পোৱা দেখা গৈছে। অভিজ্ঞতা তথা পৰীক্ষণৰ বাবে কম পৰিমাণে আপুনিও ক্ৰিপ্টোকাৰেঞ্চিত বিনিয়োগ কৰি চাব পাৰে।
ক্ৰিপ্টোকাৰেঞ্চি এনে এটা বিষয় যাক লিখি শেষ কৰিব নোৱাৰি। ইয়াৰ ভৱিষ্যত সম্পৰ্কে এয়াই কব পাৰি যে, এক চৰকাৰী নীতি তথা আইন প্ৰণয়ন কৰি ইয়াৰ জৰিয়তে দেশ এখনে কৰ আহৰণ তথা বিনিয়োগৰ জৰিয়তে সকলোকে লাভাম্বিত কৰিব পাৰে।

প্ৰণৱেশ বৰ্মন